“আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জে পি নড্ডা ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ”: সোণোৱাল

“এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে সৰ্বস্তৰৰ লোকক লগত লৈ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম”: সোণোৱাল

ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ব্যাপক ব্যৱধানত জয়ী হোৱাৰ পাছত তেখেতে কয়, “ধন্যবাদ ডিব্ৰুগড়! আপোনালোকৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আপোনালোকে মোৰ ওপৰত অটুট আস্থা-বিশ্বাস ৰাখি অভূতপূৰ্ব মৰম-সমৰ্থনেৰে বিজয়ী কৰোৱাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ ঐতিহ্যক উজ্জীৱিত কৰি সৰ্বাংগীণ বিকাশৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ মই বদ্ধপৰিকৰ। আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জে পি নড্ডা ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এনডিএ-ৰ কাৰ্যকৰ্তাসকলকো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে সৰ্বস্তৰৰ লোকক লগত লৈ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম।”

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!