মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত মহমাৰা গাঁৱত সংঘটিত হয় এক ভয়ানক হত্যাকাণ্ড।
জানিব পৰা মতে,শিলচৰৰ মফিজ উদ্দিন নামৰ ব্যাক্তি এজনে লাহৰীঘাট অঞ্চলত থাকি কাম -বন কৰি আছিল আৰু মহমৰা গাঁৱৰ ৰৌশ্বনা খাতুন নামৰ মহিলা এগৰাকীক দুই বছৰ পূৰ্বে বিয়া পাতি ঘৰ সংসাৰ কৰিছিল । উল্লেখ্য যে মফিজ উদ্দিনে নিজৰ পত্নীক কি কাৰণত হত্যা কৰি পলায়ন কৰিছে জানিব পৰা নাই । স্থানীয় ৰাইজে জানিব দিয়া মতে ডিঙি চেপি মহিলা গৰাকীক দুই দিন পূৰ্বে হত্যা কৰাৰ সন্দেহ কৰিছে। লাহৰীঘাট আৰক্ষী থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতেন্দ্ৰ সিঙে
তদন্ত আৰম্ভ কৰিছে।