এফালে গ্ৰীষ্মৰ দেহ পুৰি নিয়া উত্তাপ ,আনফালে দুষিত পানীৰ মাজতে সহাৱস্থান কেইবাখনো গাঁৱৰ আবাসীৰ । অসহনীয় দুৰ্দশাৰ কথা কৈ থাকিলেও কোনেও কেৰেপ নকৰে । এয়া মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উত্তৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কথা । ৰাজ্যৰ সৰ্বত্ৰে পানী শুকাই নাইকীয়া হ’ল । কিন্তু আজিও মুখ্যমন্ত্ৰী গৰাকীৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ভয়াবহ কৃত্ৰিম বানৰ সমস্যা সমস্যা হৈয়ে ৰ’ল । ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহতাৰ বাবে স্বাস্থ্য বিভাগে সাৱধানবাণী দিছে । কিন্তু , উত্তৰ গুৱাহাটীৰ বহু অঞ্চলৰ আবাসী লেতেৰা পানীৰ মাজতে আবদ্ধ হৈ আছে । দীঘলীয়া সময় আবদ্ধ পানীৰ বাবে বাঢ়িছে মহৰ সংখ্যা । উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ, দিহিং সত্ৰৰ এই বেদনাদায়ক পৰিবেশ আতৰিব কেতিয়া । মুখ্যমন্ত্ৰীগৰাকীৰ সমষ্টিৰ এইসমূহ অঞ্চলৰ কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিবলৈ কিবা উপায় উলিয়াবনে কামৰূপ প্ৰশাসন কিম্বা চৰকাৰে, নে এনেদৰেই কষ্টৰ জীৱন অতিবাহিত কৰিব লাগিব এইসমূহ অঞ্চলৰলোক । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ লোকৰ দূখ দুৰ্দশাৰ সমাধান উলিয়াব কেতিয়া তাৰেই অপেক্ষাত এতিয়া অঞ্চলবাসী জনতা। – পঙ্কজ নাথৰ ৰিপৰ্ট ।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!