নগাঁও জিলাৰ চামগুৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় ৷

নৱ গঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চামগুৰি পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ উদ্যোগত ২০২৩- ২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ৷

বিধায়ক জিতু গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে, প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে পৰিকল্পিত শিক্ষাৰে শিক্ষিত হ’ব লাগিব ৷ প্ৰতিজন ছাত্ৰছাত্ৰী সুনাগৰিক হব লাগিব ৷ প্ৰতিজন ছাত্ৰছাত্ৰী দেশৰ ভবিষ্যত ৷ মই সেইকাৰণে এইবাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ অথবা সম্বৰ্ধনা সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগাবলৈ চেষ্টা কৰিছো ৷ যাতে অনাগত দিনত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাৰ দিশা প্ৰেৰণা পায় ৷

যুৱ নেতা প্ৰাৰ্থপ্ৰতিম হাজৰিকাই আঁতধৰা উক্ত সম্বৰ্ধনা সভাখনত চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ কুমাৰ দাস আৰু পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মায়ো ভাষণ প্ৰদান কৰে ৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!