কোটা বিৰোধী আন্দোলনৰ বাবে বাংলাদেশত তীব্ৰ জুই জ্বলি উঠিছে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে শ্বেখ হাছিনাই। সোমবাৰে বিয়লি বিশেষ হেলিকপ্টাৰেৰে গণভবনৰ পৰা আগৰতলালৈ আহিছিল শ্বেখ হাছিনা। ভাৰতীয় সেনাৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে আগৰতলাৰ শাল বাগানত থকা সেনা শিবিৰত অৱতৰণ কৰে হাছিনাৰ হেলিকপ্টাৰখন। তাতে অলপ জিৰণি লৈ ভাৰতীয় সেনাৰ নিৰাপত্তাৰ মাজতে হাছিনাই দিল্লীলৈ যায়। খবৰ অনুসৰি অহা কেইদিনমানৰ বাবে শ্বেখ হাছিনা দিল্লীত থাকিব। তাৰ পিছত ব্ৰিটেইনলৈ যাব পাৰে।
শ্বেখ হাছিনা বাংলাদেশ এৰি যোৱাৰ কিছু সময়ৰ পাছতে ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ত্ৰিপুৰা, অসম আৰু পশ্চিম বংগৰ সীমান্তত ৰেড এলাৰ্ট জাৰি কৰি সীমান্তৱৰ্তী অঞ্চলত বি এছ এফে অতিৰিক্ত চোৰাংচোৱাগিৰি আৰম্ভ কৰে। ভাৰতীয় বায়ুসেনাই আকাশৰ কেউদিশে চকু ৰাখিছে। বন্ধু দেশ ভাৰতে যাতে হাছিনাৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

শ্বেখ হাছিনাৰ হেলিকপ্টাৰ ভাৰতীয় আকাশমাৰ্গ পোৱাৰ লগে লগে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানে আকাশত উৰা মাৰে। সেনাবাহিনীও সাজু হৈ আছে। খবৰ অনুসৰি প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ’লেহে ভাৰতীয় সেনাই যিকোনো সিদ্ধান্ত ল’ব।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!