উত্তৰ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী বটাঁ প্ৰাপক তথা NASA ৰ যুৱ উদ্ভাৱনী বিজ্ঞানী হিচাপে স্বীকৃতি প্ৰাপ্ত প্ৰয়াত চম্পক বড়াৰ জন্মদিন পালন কৰা হয়।
উত্তৰ গুৱাহাটী মাজগাঁৱৰ নিজ বাসগৃহত শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে প‍ালন কৰা হয় বড়াৰ জন্মদিন।
জন্মদিন উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞান সম্পৰ্কীয় চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
জন্মদিনতে বড়াৰ এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
বিজ্ঞানেই জীৱন হিচাপে লৈ আগবঢ়া মৃত্যুৰ সময়লৈ বিজ্ঞানে চৰ্চা কৰা প্ৰয়াত বড়াৰ স্মৃতি ৰক্ষাৰ্থে পৰিয়ালে শীৰ্ঘ্ৰে নিৰ্মাণ কৰিব এটা বিজ্ঞানী সংগ্ৰাহালয়।
বিজ্ঞান জনপ্ৰিয়তা কৰাৰ যি প্ৰয়াত বড়াৰ সপোন সেই সপোন আৰু প্ৰয়াত বড়াৰ স্মৃতি যুগমীয়া কৰাৰ বাবে মাতৃ আৰু জেষ্ঠ ভাতৃ যুৱ উদ্ভাৱনী বঁটা প্ৰাপক ত্ৰৈলোক্য বড়া আৰু জেষ্ঠ ভগ্নী অধ্যাপীকা অনামীকা বড়াই ইতিমধ্যে এক পৰিকল্পনা প্ৰস্তুত কৰি কাম আৰম্ভ কৰিছে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!