বাংলাদেশৰ ৰাজনৈতিক সংকটৰ বাবে দায়ী আমেৰিকা। তেওঁলোকৰ ষড়যন্ত্ৰতে আৱামি লীগক উৎখাত কৰা হৈছে। দেশত চলি থকা কন্দল বন্ধ কৰিবলৈকে তেওঁ পদত্যাগ কৰে। ভাৰতত উপস্থিত হোৱাৰ ৬ দিনৰ পাছত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ মৌনতা ভংগ কৰিছে। প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আৱামী লীগৰ নেতা-কৰ্মী আৰু দেশবাসীক বাৰ্তা প্ৰদান কৰে তেওঁ ।

বাংলাদেশৰ দক্ষিণৰ প্ৰবাল দ্বীপ ছেইণ্ট মাৰ্টিন আমেৰিকাক নিদিয়াৰ বাবেই ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ কৰে শ্বেখ হাছিনাই। চেণ্ট মাৰ্টিন আৰু বংগোপসাগৰ ত্যাগ কৰিলে তেওঁক পদচ্যুত কৰা নহ’লহেঁতেন। দীৰ্ঘদিন ধৰি আমেৰিকাৰ সৈতে শ্বেখ হাছিনাৰ চৰকাৰৰ মাজত তৰ্কযুদ্ধ চলি আহিছে। সংসদীয় নির্বাচনৰ পূর্বেও হাছিনাই এই বিষয়ত মুকলিকৈ কৈছিল৷ ভাৰতলৈ অহাৰ পিছত আমেৰিকাই তেওঁৰ ভিছা বাতিল কৰিছিল। তেওঁ নিজৰ মৌনতা ভংগ কৰি দেশৰ অশান্তিৰ বাবে আমেৰিকাক দোষাৰোপ কৰে।

দেশ এৰি যোৱাৰ পূৰ্বে শ্বেখ হাছিনাই জনতাৰ আগত দিয়া ভাষণ ৰেকৰ্ডিং কৰাৰ সুযোগ নাপালে। কিন্তু এইবাৰ তেওঁ এক বিবৃতিত কয় যে, ‘মই পদত্যাগ কৰিছো যাতে দেশত আৰু কাৰো মৃত্যু নহয়। বিএনপিয়ে ছাত্ৰ-ছাত্ৰীৰ মৃতদেহৰ ওপৰত নিৰ্ভৰ কৰি ক্ষমতা দখল কৰিব বিচাৰিছিল। চেণ্ট মাৰ্টিন দ্বীপ এৰি যোৱা হ’লে আজিও মই ক্ষমতাত থাকিলোঁহেঁতেন। মই দেশত থকা হ’লে হয়তো আৰু অধিক লোকে প্ৰাণ হেৰুৱালেহেঁতেন। আৰু দেশৰ ধন-সম্পত্তিৰ অপচয় হ’ব। মই তেনেকুৱা বিচৰা নাছিলোঁ। গতিকে মই পদত্যাগ কৰিলোঁ।’

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!