চতিয়া ইটাখোলাৰ বিভিন্ন প্ৰান্তত উৎপাদিত বিভিন্ন প্ৰজাতিৰ লিচুৱে এতিয়া দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ ৷ লিচু ব্যৱসায় কৰি এতিয়া স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ইটাখোলাৰ নুৰ জালাল নামৰ যুৱ কৃষকজনে ৷ কৃষকজনে নিজে লিচু খেতি কৰাৰ উপৰি অঞ্চলতোৰ বিভিন্ন এলেকাত উৎপাদিত লিচু ক্ৰয় কৰি দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ ৷ বিভিন্ন প্ৰজাতিৰ লিচু যেনে ইলাচি লিচু , বোম্বাই লিচু , বিলাতী লিচু, দেশী লিচু, পিয়াজী লিচুৰ ব্যৱসায়ৰে স্বাৱলম্বিতাৰ পথ দেখুওৱা যুৱক জনে লিচুৰ ব্যৱসায় কৰিয়েই বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে ৷ প্ৰতি শ লিচুত ২০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত বিক্ৰী হোৱা এই লিচু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি: ৰাজ্যলৈও ৰপ্তানি হৈ আহিছে বুলি জানিব পৰা গৈছে ৷
জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট