পেৰিছ অলিম্পিকলৈ যোৱা ভাৰতৰ ১১৭ গৰাকী খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে মুঠ ৪৭০ কোটি টকা ব্যয় কৰা হৈছিল। যাৰ ফলস্বৰূপে দেশে ৬টা পদক লাভ কৰিবলৈ সক্ষম হ’ল। অৰ্থাৎ ভাৰতে এটা পদকৰ বাবে প্ৰায় ৭৮.৩৩ কোটি টকা খৰচ কৰিব লগা হৈছিল।

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰা, মনু ভাকৰ, স্বপ্নীল কুছালে, সৰাবজোত সিং, অমন চাহৰাৱত আৰু ভাৰতীয় হকী দলে মিলি ৬টা পদক লাভ কৰাৰ লগতে ভাৰতক বিশ্বৰ বুকুত উজ্বলাবলৈ সক্ষম হ’ল।

২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ চলা এই ৰণাঙ্গণত ভাৰতৰ ১১৭ গৰাকী খেলুৱৈয়ে ১৬ খন খেলত অংশগ্ৰহণ কৰে। য’ত বহুকেইজন খেলুৱৈয়ে চতুৰ্থ স্থান লাভ কৰিছিল।

আশাকৰোঁ ভৱিষ্যতে ভাৰতীয় খেলুৱৈসকলে পৰৱৰ্তী অলিম্পিকত আৰু অধিক প্ৰদৰ্শন আৰু অধিক পদক আনিব।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!