উত্তৰাখণ্ডত নাৰ্ছক ধৰ্ষণৰ পিছত হত্যাৰ অভিযোগ। গ্ৰেপ্তাৰ কৰা হৈছে এজন যুৱকক। মৃত মহিলাগৰাকীৰ বয়স ৩৩ বছৰ। মহিলাগৰাকীয়ে উত্তৰাখণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰিছিল। কামৰ অন্তত ঘৰলৈ উভতি আহোতেই তেওঁক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, মৃত মহিলাগৰাকীয়ে উত্তৰাখণ্ডৰ নৈনিতালৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আছিল। তেওঁৰ এগৰাকী ১১ বছৰীয়া কন্যা সন্তান আছে। ৩০ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল। যোৱা ৩১ জুলাইত পৰিয়ালটোৱে ৰুদ্ৰপুৰ থানাত এখন নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। প্ৰায় এসপ্তাহৰ পিছত এখন ঠাইৰ পৰা উদ্ধাৰ হয় নাৰ্ছগৰাকীৰ মৃতদেহ। অভিযোগ অনুসৰি ধৰ্ষণ কৰি নাৰ্ছগৰাকীক ডিঙি চেপি হত্যা কৰা হৈছে। অভিযোগ উত্থাপন হৈছে যে মহিলাগৰাকীৰ ধন আৰু গহনাও লুটপাত কৰা হৈছে।
মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। অভিযুক্তৰ সন্ধানো আৰম্ভ হয়। তদন্ত কৰি মহিলাগৰাকী ক’লৈ গৈছিল সেই কথা গম পাই আৰক্ষীয়ে। মৃতকৰৰ চুৰি হোৱা মোবাইল ফোনটোৰ স্থানো চিনাক্ত কৰা হৈছে। সেই সূত্ৰৰ ভিত্তিত ৰাজস্থানৰ যোধপুৰৰ পৰা অভিযুক্তক গ্ৰেপ্তাৰ কৰে তদন্তকাৰীয়ে। ধৃত যুৱকজনে উত্তৰ প্ৰদেশত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জেৰাৰ সময়ত অভিযুক্তই অপৰাধ স্বীকাৰ কৰে। অভিযুক্তই দাবী কৰে যে তেওঁ প্ৰথমে ডকাইতিৰ উদ্দেশ্যেৰে নাৰ্ছগৰাকীক আক্ৰমণ কৰিছিল। পিছত তেওঁক ধৰ্ষণ কৰি হত্যা কৰে। তাৰ পিছতে মহিলাগৰাকীৰ বেগটো লৈ পলাই যায় অভিযুক্ত।