TMPK আৰু MMK ৰ উদ্যোগত বৰদিকৰাই বাসী ৰাইজৰ সহযোগত নিৰ্মাণ কৰিলে বাঁহৰ পাৰ্কুপাইন৷
ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ আপেক্ষাত নাথাকি অৱশেষত জামুগুৰিহাটৰ জীয়াভৰলী নদী আৰু দিকৰাই নদীৰ ভয়ংকৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ পাৰ্কুপাইন নিৰ্মাণত হাতে কামে লাগিল TMPK আৰু MMK সদস্যসকলৰ সৈতে বৰদিকৰাইবাসী ৰাইজ৷ যিহেতু নৈ-পৰীয়া মিচিং সম্প্ৰদায়ৰ পাঁচখনকৈ গাঁৱৰ কৃষক ৰাইজৰ হেজাৰ বিঘা কৃষিভূমি গড়াখহনীয়াৰ কৱলত পৰি ইতিমধ্যেই নদীখনৰ বুকুত বিলিন হৈছে৷সেয়েহে বাকী থকা কৃষিভূমি সমুহৰ লগতে ঘৰ বাৰী সমুহ গড়াখহনীয়াৰ কৱলত পৰাৰ পৰা ৰক্ষা কৰিবলৈকে দুইটা সংগঠনৰ সদস্যসকলে নৈপৰীয়া ৰাইজৰ সহযোগত এনেদৰেই বাঁহৰ পাৰ্কুপাইল নিৰ্ম্মানৰ কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়৷TMPK আৰু MMK নামৰ মিচিং সংগঠন দুটাৰ নেতৃবৃন্দই জানিবলৈ দিয়া মতে তেঁওলোকে নিজস্ব সামান্য পুঁজি ব্যয় কৰিয়েই নিৰ্ম্মান কৰিছে এই বাঁহৰ বৃহৎ পাৰ্কুপাইন৷শোণিতপুৰ জিলা গণশক্তি আৰু MMK ৰ বিষয়ববীয়া সকলৰ লগতে বৰদিকৰাই মিৰি পূঁৱ আৰু পশ্চিম জীয়াভৰলী আঞ্চলিক TMPK ৰ সদস্য সকলক লৈ বৰদিকৰাইবাসী ৰাইজে জীয়াভৰলী আৰু দিকৰাই নদীৰ গড়াখহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ন কৰা শ্ৰমদান কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে এম এম কে কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলি,মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় সদস্য ৰূপম নৰহ,পশ্চিম জীয়াভৰলী আঞ্চলিক TMPK ৰ সভাপতি প্ৰকাশ চিন্তে যে।