অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাই অসমীয়া ভাষাৰ আখৰ জোঁটনিৰ এটি চৰ্চ্চাৰ ওপৰত ‘শুদ্ধকৈ বানান লিখাৰ এটি শৈক্ষিক চৰ্চা' নামৰ অনুষ্ঠান এটি ইং ১৭ /০৮ /২০২৪ তাৰিখ,শনিবাৰে নিশা অনুষ্ঠিত কৰে।

সভাপতি ৰুমা হাজৰিকাৰ সভাপতিত্বত আয়োজিত
উক্ত সভাত সমল ব্যক্তি ৰূপে উপস্থিত আছিল জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডo পাপুমণি হাজৰিকা। সভাৰ আৰম্ভণিত অসম সাহিত্য সভাৰ আৰম্ভণি গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী ‘গীতটোৰে সভা আৰম্ভ কৰা হৈছিলে। মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সন্মানিত সভাপতি ৰুমা হাজৰিকাই সভাক শুভেচ্ছা সহ ভাষাত আখৰ জোঁটনিৰ গুৰুত্ব সম্পৰ্কে চমু ভাষণ আগবঢ়াইছিলে।

সম্পাদক হিৰণ ভূঞাই ১৭ আগষ্ট গণ শিল্পী খগেন মহন্তদেৱৰ জন্ম দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পী গৰাকীৰ গীত এটি পাঠেৰে। সম্পাদক হিৰণ ভূঞাই সভাৰ উদ্দেশ্যে বাখ্যা কৰে আৰু সভাক আদৰণি জনায়। । সহ সম্পাদক শ্ৰীমতী দীক্ষা পাঠক খাটনিয়াৰে এটি বিপ্লৱী কবিতা আবৃত্তিৰে অনুষ্ঠানটি আপ্লুত কৰাৰ উপৰিও গুগুল মিটৰ কাৰিকৰী দিশটো সুচাৰুৰূপে পৰিচালনা কৰিছিলে । মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সন্মানিত বিষয়ববীয়া সহ আজীৱন সদস্য সতীৰ্থ আৰু অসমৰ বিভিন্ন জিলাৰ পৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা দৰ্শক শ্ৰোতাৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সাফল্যমণ্ডিত কৰি তুলে । জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানটি অন্ত পৰে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!