সাংবাদিকৰ কামেই হৈছে বিভিন্ন ঘটনা -পৰিঘটনাৰ সত্য তথ্য উদ্ঘাটন কৰা। সেই উদ্দেশ্যে
সাংবাদিক শ্বাহ আলমে এটা প্ৰশ্ন কৰিছিল । শ্বাহ আলমে এখন পাহাৰ কটা লৈ প্ৰশ্ন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিস্ব শৰ্মাক। তাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শ্বাহ আলমক উদ্দেশ্যি যি মন্তব্য আগবঢ়ালে সেয়া হয়তো সকলোৱে শুনিছে বা দেখিছে ।
এগৰাকী সাংবাদিকক কৰা এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ।
এক বিবৃতিত জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে –
প্ৰশ্ন কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক শ্বাহ আলমক যি ব্যৱহাৰ কৰিলে তাৰ বাবে জাফা’ই দুখ প্ৰকাশ কৰিছে । অনাগত দিনত যাতে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে ধৰনৰ মন্তব্য আগ নবঢ়ায় তাৰ বাবে আমি জাৰ্ণেলিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফা’ৰ তৰফৰ পৰা বিনম্ৰভাবে আহ্বান জনালোঁ ।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!