আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বজালী গোৱিন্দভৱন গীতা সত্ৰ, ডুমূৰীয়াত উপস্থিত হৈ ভক্তিভৰা সেৱা জনাই সকলোৰে কুশল মঙ্গল কামনা কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। ইয়াৰ পিছত মন্ত্ৰী দাসে ভাৰতীয় জনতা পাৰ্টিৰ নতুন সদস্য ভৰ্তি অভিযানৰ সৈতে সংগতি ৰাখি আজি বজালীৰ পাঠশালা নাট্যমন্দিৰত আয়োজিত হোৱা কৰ্মশালা খনিত উপস্থিত থাকি নতুন সদস্য ভৰ্তিত কাৰ্যকৰ্তাৰ কৰণীয় সন্দৰ্ভত কিছু পৰামৰ্শ আগবঢ়ায়৷ এই সভাত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, ৰাজ্যিক সমিতিয়ে প্ৰেৰণ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা কৰ্মশালাৰ সমল ব্যক্তি দিলীপ দাস, বজালী জিলাৰ তত্বাৱধায়ক বিতোপন ৰাইদঙীয়া আৰু জিলা সভাপতি নগেন চৌধুৰীৰ লগতে ১২৯ গৰাকী বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত থাকে ৷ আনহাতে কালি ১ কোটি টকা ব্যয় সাপেক্ষে পাটাছাৰকুছি সমষ্টিত নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজক উচৰ্গা কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা বিভাগ,সাধাৰণ প্ৰশাসন তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ কালি উদ্বোধন কৰা অঙ্গনবাড়ী কেন্দ্ৰ কেইটা হৈছে ক্ৰমে জলখানা এচ চি চুবা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ, ১৭৮ নং হেলনা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ, ৮৬ নং বিছানকুছি আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ আৰু ২১ নং টুপলাই পানবাৰী আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ। মন্ত্ৰী দাসে আশা কৰে যে, স্থানীয় গঞা ৰাইজে উক্ত কেন্দ্ৰ সমূহ নিজৰ সম্পত্তি হিচাবে গ্ৰহণ কৰি সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াই যাব ৷ কালিৰ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ লগত বজালী জিলাৰ আয়ুক্ত মৃদূল দাস, জিলা সমাজ কল্যাণ বিষয়া জ্যোতি দাস, খণ্ড উন্নয়ন বিষয়া, চি ডি পি অ’, অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাকে আদি কৰি স্থানীয় ৰাইজ উপস্থিত থাকে ৷ ইয়াৰ পিছত মন্ত্ৰী দাসে পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন অঞ্চলত অলপতে পৰলোকপ্ৰাপ্তি ঘটা চাৰিগৰাকী ব্যক্তিৰ ঘৰত এখন্তেক উপস্থিত হৈ মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়৷ পিছে সদ্যপ্ৰয়াত ব্যক্তিসকল হৈছে ক্ৰমে দেবেন দাস, অকয়া, হৰপতি কলিতা, পূব-ৰিহাবাৰী, কিশোৰ কুমাৰ চৌধুৰী, পূব-ৰিহাবাৰী আৰু তৰণী মণ্ডল, দেনাট্টাৰী। তেখেতসকলৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় মন্ত্ৰীগৰাকীয়ে৷ ইপিনে পাঠশালাত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বাৰ্ষিক পাঠশালাঃ বজালী অধিৱেশন সন্দৰ্ভত মন্ত্ৰী দাসে অগ্ৰগতিৰ বুজ লওঁ আদৰণি সমিতিৰ মূল বিষয়ববীয়াসকলৰ লগত পাঠশালা সাহিত্য সভা ভৱনত ৷