প্ৰতি বৰ্ষৰ দৰে এইবাৰো শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ বাঙ্গালোৰৰ নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনটোত ৫ শতাধিক লোকৰ উপস্থিতিত নাম-প্ৰসঙ্গ, কীৰ্তন-পাঠ, দিহা নাম আদিৰ লগতে এলানি সাংস্কৃতিক কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। সাংস্কৃতিক কাৰ্য্যসূচীৰ মুখ্য আকৰ্ষণ আছিল গুৰু বন্দনা, বিষ্ণু বন্দনা, কৃষ্ণ বন্দনা, বৰগীত, সত্ৰীয়া নৃত্য আৰু কণ কণ শিশু সকলৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন। অনুষ্ঠানৰ অন্তত নামঘৰত উপস্থিত থকা বয়োজ্যেষ্ঠ ভকতৰ দ্বাৰা সাংস্কৃতিক কাৰ্য্যসূচীত অংশগ্ৰহণকাৰী সকলক একোখনী মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদানেৰে তেওঁলোকৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰা হয়।

বাঙ্গালোৰত প্ৰতিষ্ঠা হোৱা অসমীয়াৰ একমাত্ৰ আধ্যাত্মিক অনুষ্ঠান নামঘৰভাগীয়ে শঙ্কৰী কলা-কৃষ্টি চৰ্চা বহিঃৰাজ্যত থাকিও অব্যাহত ৰখা বিষয়টো অতি গৌৰবৰ বিষয় হিচাপে বহুজনে মত প্ৰকাশ কৰিছে।

ৰাইজৰ মাজৰ পৰা নিজ নিজ মনোকামনা পূৰণৰ অৰ্থে প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত প্ৰথম দিনটোত ষাঠি খন শৰাই অৰ্পণ কৰি জন্মাষ্টমী দিনটোত ধৰ্মীয় পৰম্পৰাৰে পালন কৰাটো অতি মনোগ্ৰাহী।

নাম-প্ৰসঙ্গৰ অন্তত সেৱকি সকলক আশীৰ্বাদ দি মাহ- প্ৰসাদ বিতৰণ কৰে আৰু শেষত ভক্তসকলক দুপৰীয়াৰ আহাৰ খিচিৰি আপ্যায়ন কৰা হয়।
শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ বাঙ্গালোৰৰ সভাপতি চন্দন সোণোৱালৰ লগতে উপ-সভাপতি প্ৰণৱ জ্যোতি বৰাই উপস্থিত সকলোৰে সহায়-সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!