মুখ্যমন্ত্ৰীক তুলাধুনা প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ৷
নদুৱাৰ সমষ্টিৰ টৌভঙাৰ মিচিং গাঁৱৰ এ এম চি সামুহিক ভৱনত আজি শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ এখনি বৰ্দ্ধিত কাৰ্যনিব্বাহক সভা অনুষ্ঠিত হয় ৷ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী তৰুলতা দাস গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত দলীয় সভাখনিত অংশগ্ৰহণ কৰি প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয়-মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ৰাজভোগ উকলিছে ৷ তেওঁৰ অবাধ দুৰ্নীতিৰ বাবেই ২০২৬ ত আমাৰ চৰকাৰ গঠন হ’ব ৷ ৰাইজে শাসনৰ বাঘজৰী আমাক দিব l সম্প্ৰতি অসমত দৈনিক ৪/৫ গৰাকীকৈ মহিলা ধৰ্ষিতা হৈ আছে আৰু ইয়াৰ বিচাৰ কৰিবলৈ গৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই ৷ ১৬ হেজাৰ পদৰ বিপৰীতে ৩৬ লাখ নিবনুৱাই চাকৰী বিচৰা অসমখন কেনেকৈ উন্নতি হোৱা বুলিও প্ৰশ্ন কৰে মীৰা বৰঠাকুৰে ৷ হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ নামত গোগ্ৰাসে সম্পত্তি গিলিছে ৷ নিজৰ কাৰণে গোটাইলোৱাৰ পাচতহে তেও বিধান সভাত বিল আনে বুলি মূখ্যমন্ত্ৰী গৰাকীকো তুলাধুনা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷