সন্দেহজনক নাগৰিকৰ পৰা কাঢ়ি লোৱা ভূমিত এতিয়া শংকৰী সংস্কৃতি চৰ্চাৰ কেন্দ্ৰ বিন্দু ৷
পাঁচ হেজাৰ কৃষি ভূমিত কৃষি বিপ্লৱৰ সুচনা ৷
জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ আজি ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই উদ্দেশ্যৰে আজি পূৱা কন্যকা ৰ চৌহদত ধৰ্মীয় শোভাযাত্ৰা আৰু পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে ভৰলীপৰীয়া কন্যকা বহুমুখী পাম খনৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসঙ্গত বিধায়ক গৰাকীয়ে কয়-২০০৮ চনত একাংশ সন্দেহজনক নাগৰিকক এই ভূমিৰ পৰা আতৰ কৰি প্ৰতিষ্ঠা কৰা হৈছিল ভৰলীপৰীয়া কন্যকা কৃষি পামখন ৷ জীয়াভৰলী নদীৰ পাৰত অবৈধ ভাৱে ভূমি বেদখল কৰি সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ বিচৰা সন্দেহজনক লোকসকলে স্থানীয় খিলঞ্জীয়া মানুহখিনিলৈ ভাবুকি কঢ়িয়াই আনিছিল ৷ কন্যকা ৰ এই কৃষি ভূমিতে প্ৰতিষ্ঠা হোৱা নামঘৰত আজি শংকৰী কলা সংস্কৃতিৰ চৰ্চা চলিছে ৷ খিলঞ্জীয়া যুৱক যুৱতীক ভৰলীপৰীয়া কন্যকা বহুমূখী পাম খনত সংস্থাপন দিয়া হৈছে ৷কন্যকাৰ প্ৰায় পাঁচ হেজাৰ ভূমিত কৃষিকৰ্মৰ বিপ্লৱ সূচনা কৰা হৈছে ৷ আনহাতে দিনৰ ১১ বজাৰ পৰা কন্যকা কৃষি পামত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ সভাত কন্যকাৰ ভৱিষ্যত পৰিকল্পনা,আঁচনিৰ সন্ধৰ্ভত বিষদ আলোচনা কৰা হয় ৷ নিশালৈ কন্যকা নামঘৰত অঞ্চলটোৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা “ৰাম বিজয় ” নাট ভাওনা অনুষ্ঠিত কৰিব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ৷