ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস বিজৰিত ঐতিহাসিক চতিয়া থানাত আজি বিয়লিৰ ভাগত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।অহা বছৰৰ পৰা ২০ আগষ্টৰ দিনটো চৰকাৰীভাৱে চতিয়া দিৱস হিচাপে পালন কৰাৰ কথা অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জনোৱাৰ বাবে আহ্বান কৰা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে স্বাধীনতা আন্দোলনৰ সেনানী সকলক শ্ৰদ্ধাৰে সোৱৰণ কৰি চতিয়া থানাখন পয্যটন আৰু ঐতিয্যক্ষেত্ৰলৈ ৰুপান্তৰিত কৰাৰ বাবে প্ৰথম পয্যায়ত ৫কোটি টকাৰ অনুদান আগবঢ়োৱা কথা ঘোষণা কৰে।ইফালে সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে অনলাইন ট্ৰেডিং এপত ধন বিনিয়োগ কৰাৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ আহ্বান জনায়।উল্লেখ্য যে বৃটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ সময়তে ভাৰতৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে চতিয়া থানাত বৃটিছৰ পতাকা নমাই ত্ৰিৰংগা পতাকা উত্তোলন কৰা হৈছিল যদিও বিনা ৰক্তপাতে এই ঘটনা সংঘটিত হোৱাৰ বাবে এই কথা পোহৰলৈ অহা নাছিল।কিন্তু অসম চৰকাৰে যোৱা ২৯ আগষ্টত বিধানসভাৰ মজিয়াত চৰকাৰীভাৱে ২০আগষ্টৰ দিনটো ‘চতিয়া দিৱস’ হিচাপে পালন কৰি একপ্ৰকাৰে চতিয়াৰ এই স্বাধীনতা আন্দোলনৰ ঐতিহাসিক ঘটনাক স্বীকৃতি প্ৰদান কৰাত চতিয়াৰ ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে।অনুষ্ঠানত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত উপস্থিত আছিল।