লোকে লোকাৰণ্য কোচগাঁৱৰ কালিয়দমণ ক্ষেত্ৰ
গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত লোকে লোকাৰণ্য হৈ পৰিল জামুগুৰিহাটৰ কোচগাঁৱৰ কালিয়দমন ক্ষেত্ৰ৷কোচগাঁৱৰ ৰাইজে দুটা শতিকা ধৰি প্ৰতিবছৰেই গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত পৰিৱেশন কৰি আহিছে গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট “কালিয়দমন” ভাওনা৷১৯৯৫ চনত দ্বি-শতবৰ্ষত ভৰি দিয়া এই কালিয়দমন ভাওনাই এইবেলি ২২৯ সংখ্যক বৰ্ষত ভৰি থ’লেহি৷২০০ বছৰ অতিক্ৰমী তথা নিৰবিচ্ছিন্নভাৱে পৰিৱেশন কৰি অহা এই ভাওনাভাগ নিশা চাবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা অহা লোকসকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয়৷আজি দিনৰ ভাগৰপৰাই চাকি বন্তি শৰাই শলিতা দি মনৰ ইচ্ছা পূৰণৰ অৰ্থে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে সেৱা লয়হি নামঘৰ চৌহদত৷নিশালৈ অনুষ্ঠিত অংকীয়া ভাঁওনা “কালিয়দমন” নাটভাগত কালিন্দী হ্ৰদত কালিনাগৰ শিৰত উঠি শিশু কৃষ্ণৰ নান্দনিক নৃত্য স্ব-চক্ষে প্ৰত্যক্ষ কৰিবলৈ দৰ্শকৰ ভিৰ হোৱা পৰিৱেশো আকৰ্ষণীয় দেখা যায়৷মনকৰিবলগীয়া গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত কালিয়দমন ভাওনা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈঞ্চৱে আগবঢ়োৱা শৰাই শলিতাৰ পৰিমাণ দুই হাজাৰোধিকৰো অধিক আছিল৷