যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ পৰাজিত হ’ল যদিও মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ তথা অন্যান্য সামাজিক কাৰ্যসূচীৰ মাজতে বিভিন্নজনে কৰা অভাৱ অভিযোগসমূহ পুৰনৰ বাবে সাধ্য অনুসৰি চেষ্টা কৰে আৰু এনে কাৰ্যই তেওঁক কাম কৰি যাবলৈ উৎসাহিত কৰে বুলি অনুভৱ কৰি আজি পূৰ্বে প্ৰতিশ্ৰুতিবদ্ধ হোৱা দেবেৰাপাৰাৰ জগুন দে আৰু টীয়ক গুৱাল গাঁৱৰ বিপিন দত্ত নামৰ দুগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক দুখনকৈ ত্ৰাই চাইকেল প্ৰদান কৰি এক আদৰ্শ নিদৰ্শন দাঙি ধৰিছে।লগতে এয়া তেওঁৰ কৰণীয় বুলিও অভিহিত কৰি ৬০ উৰ্ধৰ দুয়োগৰাকী ব্যক্তিৰ পৰা আশীৰ্বাদ বিচাৰিছে।ইপিনে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতিৰ পুৰন কৰাৰ বাবে দুয়োগৰাকী ব্যক্তি তথা পৰিয়ালবৰ্গই বিধায়ক গৰাকীক কৃতজ্ঞতা জনায়।উল্লেখযোগ্য যে ২৬ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰচাৰত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাইজে আৱেগিক হৈ যোৰহাট সমষ্টিত গৌৰৱ গগৈক জয়ী কৰালে যদিও বৰ্তমান ইয়াক লৈ অনুতপ্ত হৈছে,অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়ত ইতিমধ্যে বিজেপিয়ে অকলে ২৪০ আসনেৰে চৰকাৰ গঠন কৰি দেশৰ উন্নয়নত লাগি পৰিছে।গতিকে কংগ্ৰেছে সেইবোৰত লাগি থাকি লাভ নাই বৰঞ্চ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২৬ ৰ নিৰ্বাচনৰ বাবে নিজৰ সমষ্টি ঠিক কৰক নহলে দলীয় পদপী ত্যাগ কৰক।অলৌকিক কথাত ৰাইজ ভুল নাযায় আৰু ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনাগত ২০-২৫ বছৰৰ বাবে দেশৰ উন্নয়নৰ পৰিকল্পনা হাতত লৈ আগবাঢ়ি গৈছে বুলি সদৰি কৰিছে যুৱ বিধায়ক গৰাকীয়ে।
