ভাৰতবৰ্ষৰ প্ৰখ্যাত দাৰ্শনিক তথা দ্বিতীয় ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উদযাপন কৰি ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। আজি এই শিক্ষক দিৱসৰ দিনটোত সামাজিক সংস্থা জাগ্ৰত প্ৰহৰী, অসমৰ হৈ তিনিচুকীয়াৰ ৫ গৰাকী অতি সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। জাগ্ৰতপ্ৰহৰী অসমৰ উপদেষ্টা আৰু আৰু তিনিচুকীয়াৰ কিছু বিশিষ্ট সমাজকৰ্মীয়ে দিয়া পৰামৰ্শৰ ভিত্তিত জাগ্ৰতপ্ৰহৰীৰ বিষববীয়াই এই শিক্ষাগুৰু সকলক সম্বৰ্ধনা জ্ঞাপন কৰে। জাগ্ৰতপ্ৰহৰী অসমৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ আৰু কাৰ্যকৰী সভাপতি ইজৰাইল নন্দৰ উপস্থিতিত সামাজিক সংস্থাটোৱে তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ জ্যোতি প্ৰসাদ চলিহা, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এন চি মজুমদাৰ, তিনিচুকীয়াৰ বালুগাদাৰ বিদ্যা ভাৰতী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ৰাজা ৰাম প্ৰসাদ, হিজুগুৰী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জয় প্ৰাণ ঠাকুৰ, মাকুমৰ জিবিচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নীলাক্ষী দত্তক এখন ফুলাম গামোছা, এখন মানপত্ৰ আৰু মিঠাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।