কামৰূপ জিলাৰ আমিনগাঁও আৰক্ষীয়ে নিশা কালি নিশা অভিযান চলাই খেদি খেদি কৰায়ত্ব কৰে দুটা গৰুসহ এটা চোৰ ।
আৰক্ষীয়ে কৰায়ত্ব কৰিছে ৰমজান আলী নামৰ এগৰাকী দুধৰ্ষ চোৰক ।
বিলাসী বাহনত ৫ জনীয়া চোৰৰ দলে চুৰি কৰি আনিছিল দুটাকৈ গৰু ।
আৰক্ষীৰ গাড়ী দেখি চোৰৰ দলে পথৰ কাষৰ গছত খুন্দিয়াই পতিত হয় দুৰ্ঘটনাত ।
বাহন এৰি পলায়ন কৰে ৰিংকু আলী, বগা আলী, ইকবাল আলী আৰু বগা আলী নামৰ চাৰিটাকৈ গৰু চোৰে ।
ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে AS 01 FY 4041 নম্বৰৰ হুণ্ডাই ভেনু বাহনখন ।
আটাইকেইজন চোৰৰ ঘৰ মুকালমুৱাৰ আদাবাৰী গলদিঘলাত ।
দীৰ্ঘদিন ধৰি আমিনগাঁও উত্তৰ গুৱাহাটী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল গৰু চোৰৰ গেঙটোৱে । – পঙ্কজ নাথৰ ৰিপৰ্ট ।
