জামুগুৰিহাটৰ নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভবিন্দ্ৰ ভূঞালৈ আগবঢ়োৱা হৈছে কৃৰ্তি শিক্ষকৰ বঁটা।শোণিতপুৰ জিলা প্ৰশাসনৰ উদোগত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হোৱা ৬৩সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচীত ভবিন্দ্ৰ ভূঞাক এই বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানত শোণিতপুৰ জিলাৰ আযুক্ত দেৱ কুমাৰ মিশ্ৰ, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,তেজপুৰ সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। কৃতি শিক্ষকৰ বঁটা লাভ কৰা ভবিন্দ্ৰ ভূঞাক জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!