ৰিতুস্মিনৰ কণ্ঠত” দয়াময়” (৩ )শুভ উন্মোচন।

জামুগুৰিহাটৰ যুৱ শিল্পী ৰিতুস্মিন ভূঞাৰ কণ্ঠত দয়াময় (vol-3) শীৰ্ষক টোকাৰী গীতৰ আজি শুভ উন্মোচন কৰা হয়। জামুগুৰি পৰিদৰ্শন বঙলাত সন্ধিয়া জামুগুৰিহাটৰ অন্যতম শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা খঞ্জন দাস,সুমন্ত ৰাজবংশীকে ধৰি জামুগুৰিহাটৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শিল্পী ৰিতুস্মিনৰ এনে সুন্দৰ প্ৰচেষ্টাক শুভ কামনা জনায়। টোকাৰী গীতটোৰ শুভ উদ্বোধন কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডo অজিত হাজৰিকাই। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী ৰিতুস্মিন ভূঞাই উপস্থিত থকা সকলোকে এপাহ গোলাপ ফুল আৰু এটা কলমেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে বৰ্তমানলৈকে শিক্ষক দিৱসত ভল১ ,ভল২ কৈ দয়াময়‌ৰ দুটা গীত ৰাইজৰ মাজলৈ আগবঢ়ায় দিয়া শিল্পী ৰিতুস্মিন ভূঞাই এইবাৰো শিক্ষক দিৱসৰ শুভ ক্ষণতেই সকলোকে সন্মান জনোৱাৰ লগতে গীতটো ৰাইজৰ বাবে উন্মোচনী কৰে। এনেদৰেই এইবাৰ তৃতীয়টো সুন্দৰ টোকাৰী গীত ৰাইজৰ বাবে আগবঢ়ায় । ৰিতুস্মিনৰ এনে প্ৰচেষ্টাত অঞ্চলটোৰ সংগীত প্ৰেমী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!