বালিপৰাৰ চিলনীত‌ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা‌ ৰ চিলনী শাখা সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক পুষ্প ৰাই আৰু লোকমায়া গৌতম সোঁৱৰণী চলন্ত ট্ৰফি ও প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হয়৷ দেওবাৰে বিয়লি ৩বজাৰ পৰা অনুষ্ঠিত ফাইনেল খেলখনত অংশগ্ৰহণ কৰে ধলাইবিল বৰমতা ফুটবল দল আৰু লবৰগাড়ী ফুটবল দলে। ফুটবল খেলখনৰ লগত সংগতি ৰাখি গোৰ্খা ছাত্ৰসন্থাৰ চিলনী শাখা সমিতিয়ে আয়োজন কৰা অনুষ্ঠানৰ জৰিয়তে সদ্যঘোষিত উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে সাহিত্য একাডেমী বঁটা প্ৰাপক ছত্ৰমান চুব্বাক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক চুব্বা , চিলনী আঞ্চলিকৰ সভাপতি চন্দ্ৰমনি চেত্ৰী, আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিনেশ্বৰ পাও ৰ লগতে কেইবাগৰাকীও গণ্য মাণ্য ব্যক্তিয়ে ।ইফালে ফুটবল খেল প্ৰতিযোগিতাৰ তীব্ৰ প্ৰতিদণ্ডিতামূলক আকৰ্ষণীয় ফাইনেল খেলখনত লবৰগাড়ী ফুটবল দলে ট্ৰাইবেকৰত জয় লাভ কৰি চুড়ান্ত বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ধলাইবিল বৰমতা ফুটবল দলে দ্বিতীয় বিজয়ী তথা ৰানাৰ্ছআপ খিতাপ দখল কৰে ৷স্বৰ্গীয় পূষ্প ৰায় আৰু লোকমায়া গৌতমৰ সোঁৱৰনত আয়োজি ফুটৱল প্ৰতিযোগিতা খনি সফল সমাপ্তিৰ ক্ষেত্ৰত ক্ৰীড়াপ্ৰেমী ৰাইজৰ পূৰ্ণ সহযোগিতাৰ বাবে খেল পৰিচালনা সমিতিৰ সভাপতি গোপাল আলে আৰু সম্পাদক দূৰ্গা গৌতমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!