আজি AIUDF ৰ কমিটি গঠনাৰ্থে
দক্ষিণ শালমাৰা মানকাচৰ জিলাত এখন সাধাৰণ সভা আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সমুখত AIUDF ৰ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ জিলা কমিটিৰ বিষয়ে এখন সাধাৰণ সভাৰ আয়োজন কৰে।
ৰাজ্যজুৰি একাংশ লোকে ভাবিছে যে, দেশৰ পৰা AIUDF ৰ দল সংগঠনে বিদায় লৈছে।
বহুত মাজত জলপানা কল্পনা সৃষ্টি হয়
ভোটগ্ৰহণ ফলাফলত যেতিয়াAIUDFৰ দল পৰাজয় হৈছে ৰাজ্যজুৰি বহুতো মনত বহতো প্ৰশ্ন উত্থাপন হৈছে।
কিন্তু এইবাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত সাধাৰণ সভাৰ বৈঠকত দেখা গল AIUDF ৰ দল সংগঠনৰ শক্তিশালী ৰূপত দেখিবলৈ পোৱা যায়।
উক্ত সভাত AIUDF ৰ জিলা কমিটি গঠনাথে্ সাধাৰণ সভাত উপস্থিত থাকে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আল্ কাচমী আৰু লগতে থাকে বৰপেটা জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল। আৰু মানকাচৰ জিলা সমষ্টিৰ পৰা বিভিন্ন অঞ্চলৰ পৰা অহা একাংশ লোকে এইখন সভাত আহি আগভাগ লয়।