■■জীৱনৰ ৩৬ টা বছৰ শিক্ষকতা বৃত্তিৰে জড়িত হৈ নিষ্ঠা আৰু সততাৰে শৈক্ষিক সেৱা আগবঢ়াই জীৱনটোক মহীয়ান কৰি তোলা গহপুৰৰ বিশিষ্ট শিক্ষাবিদ ড: যুগল বৰালৈ আগবঢ়োৱা হয় “বৈশ্বিক শিক্ষক ৰত্ন এৱাৰ্ড-২০২৪”।নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ যুগল বৰাক যোৱা ৮ চেপ্তেম্বৰত বিশ্ব স্বাক্ষৰতা দিৱস উপলক্ষে দিল্লীত আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় সমৰাষ্ট্ৰ মঞ্চই।উল্লেখযোগ্য যে-শৈক্ষিক সেৱাত থকা অগাধ দখলৰ বাবে ২০০৮ চনত জিলা কৃতি শিক্ষকৰ বঁটা, ২০১২ চনত মুখ্যমন্ত্ৰীৰ বিশেষ পাৰদৰ্শিতা শিক্ষক বঁটা,২০১৪ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আৰু ২০১৭ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত হোৱা ডঃ যুগল বৰাক শেহতীয়াভাবে বৈশ্বিক শিক্ষক ৰত্ন বঁটাৰে সন্মানিত কৰাত গহপুৰ মহকুমাৰ বিভিন্ন ব্যক্তি আৰু দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠনে তেওঁক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।চাকৰি জীৱনৰ অৱসৰৰ পিছতো শৈক্ষিক সেৱাৰ মাজেৰে জীৱনটোক উদযাপন কৰিব বিচৰা ডুবিয়া নিবাসী ডঃ যুগল বৰা বৰ্তমান গহপুৰ নগৰৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞান ভাৰতী ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ অধ্যক্ষৰ দায়িত্বত অধিষ্ঠিত হৈ আছে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!