জামুগুৰিহাটৰ মৰিসূঁতিত আজি গোৰ্খা মহিলাসকলৰ পবিত্ৰ হৰিতালিকা তীজ সমাৰোহ উদযাপন কৰা হয়। মৰিসুতিৰ মহিলা সমিতিৰ উদ্যোগত আয়োজিত প্ৰথম বাৰ্ষিক হৰিতালিকা তীজ সমাৰোহ বিৰছা মুণ্ডা ভৱনত অনুষ্ঠিত হয় । পুৱাই বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন পঞ্চায়ত সভাপতি তথা বিশিষ্ট সমাজকৰ্মী দীপক নেৱাৰে ।তীজ সমাৰোহ উপলক্ষে সৰবৰহী মহিলা মায়া বৰাইলিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে গোমা পোখড়েলে ,দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত মহিলা তথা যুৱতীসকলে নৃত্য গীত পৰিৱেশন কৰা গীত নৃত্যৰ অনূষ্ঠানি ৰাইজক আপ্লুত কৰে৷ অনুষ্ঠানত শিক্ষক যুৱৰাজ দাহাল‌, সমাজকৰ্মী ডম্বৰু গজুৰেল ,মায়া কটোৱাল কে ধৰি গন্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে৷

জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!