বুধবাৰে নিশা মৈৰাবাৰী বজাৰত গৰৈমাৰীৰ পৰা বজাৰ কৰিবলৈ অহা তিনি যুৱকক অপহৰণ কৰি ধন দাবী তিনিজনীয়া দুৰ্বৃত্ত দলৰ।
অপহৰণ কৰা তিনি যুৱক ক্ৰমে আজাহাৰুল ইছলাম, উমৰ ফাৰুক আৰু ইছৰাফিল হক।
যুৱক কেইজনক মৈৰাবাৰী ৰে’ল ষ্টেচনৰ ওচৰত আবদ্ধ কৰি দুৰ্বিত্তৰ দলটোৱে তিনিলাখ টকা দাবী কৰে যুৱক তিনিজনক পৰা।
অৱশেষত হাতে ভৰিয়ে ধৰাত তিনি লাখৰ পৰা ২০ হাজাৰ টকাৰ বিনিময়ত যুৱক কেইজনক এৰি দিবলৈ সন্মত হয় দুৰ্বৃত্তৰ দলটো। দাবীকৃত ধন ফোনপে জড়িয়তে লয় চক্ৰটোৱে।
ঘটনা সন্দৰ্ভত অৰক্ষীৰ কাষ চাপিলে প্ৰাণে মৰাৰো ভাবুকি প্রদান কৰিছিল যুৱক তিনিজনক। দুৰ্বিত্তৰ দলটোৰ অন্যতম সাগৰ ডকাইত উৰফে ছাইদুৰ ৰহমাণক চিনি পাইছিল ভোক্তভোগী যুৱককেইজনে।
ভুক্তভোগী তিনিযুৱকে ঘৰত গৈ পৰিয়ালৰ লোকক সকলো কথা অৱগত কৰাৰ পাছত যুৱক কেইজনৰ গাঁৱৰ পৰা এটা দলে মৈৰাবাৰীৰ সাগৰ ডকাইতৰ বাহিনীটোক বিচাৰি যুৱক কেইজনৰ সৈতে উপস্থিত হয়। এখন জোচৰ দোকানত জোচ খাই থকা অৱস্থাত সাগৰক প্ৰত্যক্ষ কৰি মৈৰাবাৰী ৰাইজৰ সহযোগত সাগৰক কৰায়ত্ব কৰি উত্তম মধ্যম সোধাই সাগৰ উৰফে ছাইদুৰ ৰহমানক মৈৰাবাৰী আৰক্ষীক গতাই দিয়ে। গণ ৰোষৰ বলি হোৱা সাগৰে অপহৰন কাণ্ডৰ কথা স্বীকাৰ কৰি অন্য দুই অভিযুক্ত ক্ৰমে ৰপচন খান আৰু মুস্তাক ফাইজুৰ ৰহমান নামৰ দুৰ্বৃত্ত দুটাও অপহৰন কাণ্ডৰ জড়িত থকা বুলি স্বীকাৰ কৰে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। ইফালে দাবী কৰা ধন মুস্তাক ফাইজুৰ ৰহমানৰ একাউণ্টত ফোন পে জড়িয়তে লোৱাৰ কথাও স্বীকাৰ কৰে সাগৰে।
উল্লেখ্য যে সাগৰ পূৰ্বে সংঘটিত কেবাটাও জঘণ্য হত্যাকাণ্ডৰ হত্যাকাৰী । আনহাতে ৰপছন নাৰী সৰবৰাহ আৰু ড্ৰাগছ সৰবৰাহকাৰী গোছৰত পূৰ্বে অভিযুক্ত। দলটোৰ তিনিওজনেই হত্যা, নাৰী দেহ ব্যৱসায়, ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধ সংঘটিত কৰি এইবাৰ অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি এজন গণৰোষত পৰে যদিও বাকী কেইটা অপৰাধী আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰেনে নোৱাৰে সেয়া লক্ষনীয় হ’ব।