আপ, অসমৰ মূখ্য সমন্বয়ক তথা জেষ্ঠ নেতা ৰমেন চন্দ্ৰ বৰঠাকুৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনা মনোনীত হোৱাত তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আপ, অসমৰ মুখ্য সমন্বয়ক বৰঠাকুৰে আজি সংবাদ মাধ্যমক কয় যে আম আদমী পাৰ্টিৰ মূখ্য নেতা অৰবিন্দ কেজৰিৱালে নিজে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথা উল্লেখ কৰাৰ পিছত দিল্লীৰ আপ চৰকাৰৰ বিধায়িনী দলৰ এখন সভাত আতিশী মাৰ্লেনাৰ নাম দিল্লীৰ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ বাবে প্ৰস্তাৱ কৰিছিল। অৰবিন্দ কেজৰিৱালে নাম প্ৰস্তাৱৰ পিছতে ইয়াক সকলো বিধায়কে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পিছত ৰাজ নিৱাসত দিল্লীৰ উপ ৰাজ্যপাল ভি কে চাক্সেনাক তেওঁৰ মন্ত্ৰী পৰিষদ – আতিশী মাৰ্লিন , গোপাল ৰায়, কৈলাশ গেহলট, সৌৰভ ভৰদ্বাজ আৰু ইমৰান হুছেইনৰ সৈতে সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী মনোনীত আতিশীয়ে চৰকাৰ গঠনৰ দাবী ৰখাৰ বাবে এখন পত্ৰ দাখিল কৰে। বৰঠাকুৰে কয় যে যদি ২০২৫ চনৰ ফেব্ৰুৱাৰীত নিৰ্ধাৰিত সময়সূচী অনুসৰি দিল্লীৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে আতিশী মাৰ্লিন এই কাৰ্যকালত সৰ্বাধিক পাঁচ মাহৰ বাবে মুখ্যমন্ত্ৰী হৈ থাকিব। তেওঁ কয় যে আতিশী মাৰ্লেনা ৰাজধানী দিল্লীৰ তৃতীয় গৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ব।
উচ্চ শিক্ষিতা আতিশী মাৰ্লেনাক দিল্লীৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰি আম আদমী পাৰ্টিয়ে মহিলাক সম অধিকাৰ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে আপ, অসমৰ জেষ্ঠ নেতা ৰমেন বৰঠাকুৰে । বৰঠাকুৰে কয় যে বিজেপিয়ে মূখেৰে মহিলা সবলীকৰণ, মহিলাক সম অধিকাৰ দিয়াৰ কথা কৈ থাকে যদিও কাৰ্যত সেয়া নহয়। অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে মূখেৰে যিটো কয় হাতে কামেও সেয়া কৰি দেখুৱায়। যাৰ জলন্ত উদাহৰণ আতিশী মাৰ্লেনাৰ মূখ্যমন্ত্ৰীত্ব। ইয়াৰ বাবে পুনৰাই শুভেচ্ছা জ্ঞাপন কৰি জেষ্ঠ নেতা বৰঠাকুৰে আৰু কয় যে দিল্লীৰ নৱগঠিত বিধায়িনী দল তথা দিল্লী চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে অহা শনিবাৰ ২১ ছেপ্টেম্বৰত শপত গ্ৰহণ কৰি আতিশী মাৰ্লেনাই সফলভাৱে আগন্তুক চৰকাৰখন চলাবলৈ নিশ্চয় সক্ষম হব আৰু আমি আশা কৰোঁ আতিশী মাৰ্লেনাই দিল্লীৰ চৰকাৰ চলাই নিয়াৰ উপৰিও অসমত আপৰ উত্থানৰ বাবে আপৰ মূখ্য নেতা অৰবিন্দ কেজৰিৱালৰ লগত আলোচনামৰ্মে অসমৰ বাবে যথোচিত কাৰ্যবলী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰা প্ৰাক্তন কংগ্ৰেছ নেতা ৰমেন চন্দ্ৰ বৰঠাকুৰে চলিত বৰ্ষৰ ৩ জুলাইত আম আদমী পাৰ্টিত যোগদান কৰিছিল । আপৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ কেবিনেট মন্ত্ৰী আৰু বৰ্তমানৰ দিল্লীৰ মনোনীত মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা আৰু দলটোৰ উত্তৰ-পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই নতুন দিল্লীৰ আপৰ মুখ্য কাৰ্যালয়ত ৰমেন চন্দ্ৰ বৰঠাকুৰক আদৰণি জনায় তেওঁক দলীয় টুপী আৰু দলীয় প্ৰতীক সম্বলিত গলবস্ত্ৰ পিন্ধাই দললৈ আদৰি আনিছিল।
