আগতীয়াকৈ অৱসৰ লোৱাটো বৰ বেয়া নহয়। কিন্তু তাৰ বাবে আগতেই পৰিকল্পনা কৰিব লাগিব। সঠিকভাৱে বিনিয়োগ কৰি কম বয়সতে অৱসৰ লাভ কৰিব পাৰি। প্ৰতিমাহে ২৫ হাজাৰ টকা বিনিয়োগ কৰি কেনেকৈ শীঘ্ৰে ৮৪ লাখ টকা ৰাহি কৰিব পাৰি চাওক।
মিউচুৱেল ফাণ্ডত ষ্টেপ বাই ষ্টেপ বিনিয়োগ কৰিব পাৰিলে অৱসৰৰ পিছত চিন্তা নাই। অৱসৰৰ সময়ত মাহে ৬০ হাজাৰ টকাকৈ পালে বেছি বেয়া নহব। যদি আপুনি ৪০ বছৰ বয়সত বা ৫০ বছৰ বয়সত অৱসৰ ল’ব বিচাৰে তেন্তে মুঠ ৮৪ লাখ টকাৰ পাব।
যদি আপুনি প্ৰতিমাহে ২৫ হাজাৰ টকা মিউচুৱেল ফাণ্ডত জমা দিব পাৰে তেন্তে ১০ৰ পৰা ১২ শতাংশ হাৰত সুত পাব। ফলত আগন্তুক ১০ বছৰত ৮৪ লাখৰো অধিক টকা আপোনাৰ হাতলৈ আহিব। এই বিনিয়োগৰ পৰিমাণ যিমানেই বেছি হ’ব সিমানেই অৱসৰৰ সময়ত আপোনাৰ হাতত অধিক ধন থাকিব।