অভিনেত্ৰী এগৰাকীক মঞ্চত ঠেলি দি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তেলেগু অভিনেতা নন্দমুৰি বালকৃষ্ণ। তেলেগু একচন ছবি ‘গেংছ অৱ গোদাবৰী’ৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰী অঞ্জলীক মঞ্চত ঠেলা মাৰে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ এই আচৰণত ক্ষোভ প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে। আনকি সমালোচনাও কৰিছে উদ্যোগটোৰ বহু তাৰকাই।

নন্দমুৰি কিংবদন্তি অভিনেতা এন টি ৰামা ৰাওৰ পুত্ৰ আৰু জুনিয়ৰ এন টি আৰৰ ককাক। তেওঁ তেলেগু উদ্যোগৰ এজন অতি ডাঙৰ ছুপাৰষ্টাৰ। তেওঁ বহুতো হিট চিনেমা দিছিল। শেহতীয়াকৈ কৃষ্ণ চৈতন্যৰ আগন্তুক তেলেগু ছবি গেংছ অৱ গোদাৱৰীৰ প্ৰচাৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে মঞ্চত উপস্থিত হৈছিল নন্দমুৰীয়ে।

কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰি তেওঁ প্ৰথমে ছবিখনৰ অভিনেত্ৰী নেহা শ্বেট্টী আৰু অঞ্জলিক এফালে থিয় হ’বলৈ কয়। প্ৰায় লগে লগে তেওঁ অঞ্জলিক ঠেলি দিয়ে। যাৰ ফলত অঞ্জলি আক্ষৰিক অৰ্থত পৰি যোৱা সদৃস হয়।

যদিও অঞ্জলিয়ে নন্দমুৰীৰ আচৰণ দেখি হাঁহিছিল। জ্যেষ্ঠ অভিনেতাজনক অসন্মান কৰা নাছিল। তাৰ পিছতো নন্দমুৰিৰ চকুত বিৰক্তি আৰু খঙ ভৰি পৰিছিল। তেওঁ অভিনেত্ৰী দুগৰাকীক বকাবকি কৰি থকা দেখা যায়। অৱশ্যে অনুৰাগীসকলে বিষয়টোক যথেষ্ট গুৰুত্বসহকাৰে লৈছে। ফলত ছ’চিয়েল মিডিয়াত নন্দমুৰি বালকৃষ্ণক লৈ যথেষ্ট সমালোচনাৰ সৃষ্টি হৈছে।
মঞ্চত নন্দমুৰিৰ এই আচৰণত অনুৰাগীসকলো স্তম্ভিত হৈ পৰিছে। চলচ্চিত্ৰ নিৰ্মাতা হান্সল মেহতাই এক্স (টুইটাৰ)ত এই ভিডিঅ’টো পুনৰ পোষ্ট কৰি লিখিছে, ‘কোন এই নিষ্ঠুৰ অমানৱীয়?’

বৰ্তমান তেওঁৰ ১০৯ সংখ্যক ছবিৰ শ্বুটিঙত ব্যস্ত নন্দমুৰি বালকৃষ্ণ। তেলেগুৰ উপৰিও ছবিখন হিন্দী ভাষাতো মুক্তি পাব।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!