জামুগুৰিহাটৰ তৌভঙা সামুহিক ভৱনত আজি পূৱ জীয়া ভৰলী আঞ্চলিক টাকাম মিচিং পৰিন কেবাং( TMPK ) ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়৷
এই উপলক্ষে পুৱাই একোটাকৈ গছ পুলি ৰোপন কৰাৰ লগতে ২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক তথা NEET ৰ চূড়ান্ত পৰীক্ষাত সু খ্যাতিৰে উৰ্ত্তীণ হোৱা অৰ্ধশতাধিক কৃতি ছাত্ৰ ছাত্ৰীৰ এক অভিনন্দন আৰু সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ অঞ্চলটোৰ ৰাইজ তথা অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে TMPK ৰ পূব জীয়াভৰলী আঞ্চলিক সভাপতি মনোৰঞ্জন লিংকুৱে৷শোণিতপুৰ জিলৰ MMK ৰ সদস্য প্ৰশান্ত লিংকুৱে আত ধৰা অনুষ্ঠানটিত বিশ্ব পৰিবেশ দিৱসৰ ওপৰত গধুৰ মন্তব্য আগবঢ়ায় বিশিষ্ট সমাজকৰ্মী তথা জীয়া ভৰলী সমাজ হিতৈষী বটা প্ৰাপক কমিছন মিলিয়ে৷ জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা খঞ্জন কুমাৰ দাস, সমাজকৰ্মী দ্বিপেন মিলি,কৃত শিক্ষক গজেন মিলি ভৰত মিলি ,TMPK ৰ প্ৰাক্তন সদস্য ৰূপম নৰহ ,TMPK সদস্য পৱন মিলি লগতে MMK ৰ কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিয়ে অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি কৃতি ছাত্ৰছাত্ৰী সকলক ফুলাম গামোচাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰি অভিনন্দন পত্ৰ প্ৰদান কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনায়৷

জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!