উন্মোচন ‘ ৰূপকোঁৱৰ কলাগুৰু ইত্যাদি’ শীৰ্ষক গ্ৰন্থ
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন ভিত্তিক নাটক ‘বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ’৷ ৰাগিনী প্ৰডাকচনৰ উদ্যোগত আৰু NEDDSৰ সহযোগত মঞ্চস্থ কৰা নাটকখনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয় দায়বদ্ধতাৰ সংগ্ৰামৰ পৰা প্ৰেম,জীৱনৰ সংঘাতো উপস্থাপন কৰা হয় সাৱলীলভাৱে। নাট্যকাৰ প্ৰভাত গোস্বামীৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হোৱা নাটখনৰ শুভাৰম্ভ কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই আৰু বন্তি প্ৰজ্বলন কৰে ড° গৌতম চৌধুৰী গুৰুদেৱে ৷আনাহিতা মহন্তই আদৰণি ভাষণত ৰাগিনী প্ৰডাকচনৰ জন্মৰ আঁৰৰ কাহিনী লগতে বিগত সময়বোৰত হৈ থকা সৃষ্টিশীল কাম সম্পৰ্কত ব্যক্ত কৰে দৰ্শকক ৷ নাটকখনৰ সামগ্রিক পৰিকল্পনা আৰু প্রযোজনা অলকা বৰুৱাৰ। সহ প্রযোজনা নিৰঞ্জন কলিতাৰ। নাটখন মঞ্চস্থ কৰাৰ প্ৰাক মুহূৰ্তত প্রভাত গোস্বামীৰ ৰচনাৰে অলকা বৰুৱাৰ পূৰ্ণাগ নাটকৰ সংকলন ‘ৰূপকোঁৱৰ কলাগুৰু, ইত্যাদি’ শীর্ষক এখন গ্রন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি নাটকৰ সংকলন প্ৰকাশ কৰাৰ বাবে অলকা বৰুৱাক ধন্যবাদ জনায় নাট্যকাৰ সপোনটি বৰদলৈয়ে ৷

সাংবাদিক সমীৰণ বৰঠাকুৰে পৰিচালনা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত সাহিত্য সংস্কৃতি তথা বৌদ্ধিক জগতৰ বহু কেইগৰাকী সমল ব্যক্তি বিশেষ ভাৱে উপস্থিত থাকে । বিশিষ্ট অভিনেতা মৃদুল ভূঞা ,অভিনেত্ৰী মলয়া গোস্বামী, অৰুণ হাজৰিকা , নিশিতা গোস্বামী ,মিনু বনিয়া ,কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ , যুৱ নেতা মানস বৰা , ছবি পৰিচালিকা মঞ্জু বৰা , সমাজকৰ্মী অজয় পদ্ডাৰ,গীতানগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যজিত কলিতা উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

ইয়াৰ পিছতেই মঞ্চস্থ হোৱা ‘বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ’ নাটকখনত বলিষ্ঠ অভিনয়ৰে দৰ্শকৰ মন পুলকিত কৰে অভিনেতা ডাঃ আলেক্ষ বৰুৱা, অভিনেত্রী কল্পনা কলিতা, প্রিয়ম পল্লবী, কৃষণ কল্যাণীয়ে ৷ নাটখনত অনিল হালৈ, ৰাজু বৰুৱা, অপূর্ব গোস্বামী, সত্যজিৎ হাজৰিকাৰ অভিনয়ো শলাগ ল’বলগীয়া আছিল । মানস শৰ্মা,নিলীম চেতিয়া, পল্লৱ দ্বীজেন,জোন বৰা ,নিপম কলিতা,নিকুমণি কলিতা,নিষ্ঠাজিতা কলিতা,উদিপ্ত বৰগোহাঁই,ৰন্তু মহন্তৰো অভিনয় আছিল যথেষ্ট মানসম্পন্ন ।

নাটখন পৰিৱেশনৰ সময়ত সকলো শিল্পীৰ অভিনয় যথেষ্ট উন্নত হোৱাৰ লগতে মঞ্চসজ্জা,সাজসজ্জা , পোহৰ ,শব্দ সকলো আছিল যথেষ্ট শলাগ ল’বলগীয়া ৷ উল্লেখ্য যে অহা জুলাই মাহৰ দ্বিতীয় সপ্তাহত ৰাগিনী প্ৰডাকচনে অসমৰ ন- পুৰণি সংগীত শিল্পী সকলক একত্ৰিত কৰি এক অগতানুগতিক অনুষ্ঠানৰ চিন্তা চৰ্চা চলাইছে বুলি উদ্যোক্তাই এই প্ৰতিবেদকক জনাইছে ৷