বিদ্যুতৰ যোগান নিয়মীয়া কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত চিৰাং জিলাৰ বিজনীৰ বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কৰি শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদকাৰী সকলে শক্তি মন্ত্রীৰ কাম নাই, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ’ বেক, ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।