স্থানীয় বিধায়ক উৎপল বৰাৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন

গহপুৰ, ২০ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো পাহাৰীয়া খৰস্ৰোতা নৈয়ে গহপুৰ মহকুমাত সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ কালি ব্ৰহ্মাজান নৈৰ বাঢ়নি পানীয়ে মথাউৰি চিঙি নিয়াৰ ফলত বিস্তীৰ্ণ এলেকা বুৰাই পেলোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতি সাধন কৰে। ঠিক সেইদৰে গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ বাঢ়নি পানীয়ে নগৰৰ যাতায়াত ব্যৱস্থা বিঘ্নিত কৰি তুলিছে। বিশেষকৈ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ পথচোৱা বাঢ়নি পানীয়ে বুৰাই পেলোৱাৰ বাবে যাতায়াতৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে ৰোগীসকল। কালি বিয়লি গহপুৰ পৌৰসভাৰ অন্তৰ্গত চত্ৰং নৈৰ বাঢ়নী পানীৰ খহনীয়াৰ গৰাহত পৰা মধ্য চত্ৰং অঞ্চল জলসম্পদ বিভাগৰ অভিযন্তা, বিষয়া কৰ্মচাৰীৰ লগতে গহপুৰ পৌৰসভাৰ পৌৰপতি অতুল বৰা তথা ৱাৰ্ড সদস্য-সদস্যাসকল আৰু দলীয় সতীৰ্থ সকলৰ সৈতে স্থানীয় বিধায়ক উৎপল বৰাই পৰিদৰ্শন কৰে। ভুক্তভোগী ৰাইজৰ আগত বিধায়ক উৎপল বৰাই এই ক্ষতিগ্ৰস্ত অঞ্চলসমূহ সুৰক্ষিত কৰা কাম খুব কম সময়ৰ ভিতৰত সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত গহপুৰ সমষ্টিৰ বান-খহনীয়া ৰোধৰ স্থায়ী সমাধানৰ জৰিয়তে বহুতো অঞ্চল বৰ্তমান সুৰক্ষিত হৈছে। যোৱা কিছুদিনৰ পৰা প্ৰতিকুল বতৰে আমাৰ সমষ্টিৰ কিছু কিছু অঞ্চল প্লাবিত কৰাৰ লগতে বান-খহনীয়াৰ ফলত বহুতো অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। এই সমস্যাও কম দিনৰ ভিতৰতে সমাধানৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!