দেওবাৰে পুৱা সাত বজাত উত্তৰ প্ৰদেশত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীসহ বাছখন বাগৰি পৰে। আহত হয় কমেও ৪০ জন যাত্ৰী।
আৰক্ষীৰ সূত্ৰ অনুসৰি লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই দুৰ্ঘটনা। বাছখন জৌনপুৰৰ পৰা দিল্লীলৈ গৈ আছিল। হঠাৎ গাড়ী চালকজনৰ টোপনি আহিল। তাৰ পিছতে বাছখন নিয়ন্ত্ৰণ হেৰুৱাই খাল এটাত বাগৰি পৰে।

আৰক্ষী আৰু স্থানীয় লোকে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। বাছখনৰ পৰা আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি ৪০ জন যাত্ৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে এতিয়াও দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!