ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।বনৰীয়া জীৱ-জন্তুৰ প্ৰতি জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। নিতৌ জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিবোধ জীৱ-জন্তুৰ।আজি নিশা পেঙেৰীৰ ব্ৰহ্মাজানত এটা বনৰীয়া হাতী অস্বাভাৱিক মৃত্যু খবৰে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহা ফলত বন্যপ্ৰাণী সমূহে খাদ্য সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে।বিশেষকৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰে। ইয়াৰ পিছতো কিন্তু ৰাজ্য বনবিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। বন্য প্ৰাণীক সুৰক্ষা দিয়াত সম্পূৰ্ণ ৰূপে বিফল হৈছে নেকি বনবিভাগ।বনবিভাগে মৃত বন্য প্ৰাণীসমূহৰ মৰোণোত্তৰ পৰীক্ষা কৰিয়েই দায়িত্ব সামৰে।পৰৱৰ্তী সময়ত কি প্ৰতিবেদন আহিল একো জানিব পৰা নাযায়। হিউমেনিতী ফাউণ্ডেশ্যনৰ প্ৰতিস্থাপক সভাপতি মহেন্দ্ৰ বৰুৱাই সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান জনালোঁ লগতে জিলা উপায়ুক্তক দুখিৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!