ৰত্নপীঠ মণ্ডলৰ বেলশৰত মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ

গহপুৰ, ২০ জুনঃ অসম নাট্য সন্মিলনৰ ২০২৪-২৬ বৰ্ষৰ প্ৰথমখনি কাৰ্যনিৰ্বাহক সভা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কালি অনুষ্ঠিত হয়। কলাবাৰী চেণ্টাৰস্থিত মূলাগাভৰু প্ৰেক্ষাগৃহত দিনৰ ১২.৩০ বজাৰ পৰা অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অসম নাট্য সন্মিলনৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে আলোচনা হয়। ডুবিয়া হাৱাজান আৰু গহপুৰ শাখা সমিতিৰ সহযোগত কলাবাৰী শাখা সমিতিৰ আতিথ্যত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অক্ষয় মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি হিৰণ্য হাজৰিকাই। প্ৰধান সম্পাদক সন্তৰাম দাসে আঁতধৰা সভাত বৰগীত পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে শিশু শিল্পী গীত বৰাই। সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত ২০২৪-২৬ বৰ্ষৰ প্ৰথমখনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত প্ৰধান সম্পাদকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে কেন্দ্ৰীয় সমিতিৰ দ্বাৰা চিনাকি পৰ্ব আৰু কলাবাৰী শাখা সমিতিৰ দ্বাৰা আদৰণি জনোৱা হয়। সভাপতি, কাৰ্যকৰী সভাপতি, উপ-সভাপতি, প্ৰধান সম্পাদকৰ লগতে সহকাৰী সম্পাদক, কাৰ্যকৰী সদস্যসহ অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ, কামপীঠ, সৌমাৰপীঠ আৰু ৰত্নপীঠ মণ্ডলৰ সভাপতি-সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ দুকুৰিৰো অধিক বিষয়ববীয়াক একোটিকৈ ফাইল, গ্ৰন্থৰ টোপোলা, ফুলাম গামোচা আৰু এটি গছপুলিৰে আদৰণি জনোৱা হয়। নগাঁৱত অনুষ্ঠিত হোৱা দায়িত্বভাৰ অর্পণ সভাৰ কাৰ্যবিৱৰণীখনি সম্পাদক সন্তৰাম দাসে পাঠ কৰাৰ পাছত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত কপিল দেৱ হাজৰিকাই পৰিৱেশন কৰে। তাৰ পাছতে কাৰ্যসূচী অনুসৰি অসম্পূর্ণ হৈ থকা কার্যনির্বাহক সমিতিখনি এই সভাতেই সম্পূৰ্ণ কৰা হয়। অসম নাট্য সন্মিলনৰ সামগ্ৰিক উন্নয়নৰ সম্পৰ্কে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় সমিতিৰ এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰা সম্পৰ্কত বিষদ আলোচনা কৰা হয়। পুজিঁৰ সম্পৰ্কত আৰু ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা আৱণ্টিত পুজিঁৰ সন্দর্ভত আলোচনা হোৱা সভাতেই সংবিধান সংশোধনীৰ বিষয়ৰ সম্পৰ্কতো আলোচনা হয়। মধ্যকালীন অধিৱেশন স্থলী সম্পৰ্কে আলোচনা হোৱা এই সভাতেই ৰত্নপীঠ মণ্ডলৰ অন্তৰ্গত বেলশৰ শাখাৰ উপস্থিত বিষয়ববীয়াসকলে মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত কৰাৰ বাবে আমন্ত্ৰণ জনায়। সন্ধিয়া ৭ বজাত সামৰণি পৰা কাৰ্যনিৰ্বাহক সভাত সভাপতি কুমাৰ দীপক দাস, কাৰ্যকৰী সভাপতি হিৰণ্য হাজৰিকা, উপ-সভাপতি মৃগেন বৰা, দিলীপ বৰাকে ধৰি কেইবাগৰাকী বিষয়ববীয়াই বক্তব্য ৰাখি ১৯৫৯ চনতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত আৰু সভাপতিত্বত গঠিত অসম নাট্য সন্মিলনখনিক জনমানসলৈ লৈ যোৱাত কেতবোৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে বক্তব্য ৰাখে। শাখাৰ হৈ কৃষ্ণ শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱা সভাত অসম নাট্য সন্মিলনৰ ২০২৪-২৬ বৰ্ষৰ প্ৰথমখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ বাবে উদ্যোগ লোৱা বিশ্বনাথ জিলা সমিতিৰ সভাপতি তৰুণ কুমাৰ বৰা, সম্পাদক গৌতম বৰাৰ লগতে শাখা সমিতিক কেন্দ্ৰীয় সমিতিৰ হৈ সভাপতি কুমাৰ দীপক দাসে ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!