চামগুৰিৰ ফটো সাংবাদিক প্ৰয়াত ধনটি হীৰাৰ মৃত্যুৰ পাৰ হ’ল এটা বছৰ। কিন্তু আজিও ওৰ নপৰিল ধনটি হীৰাৰ মৃত্যুৰ ৰহস্য। আজি বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ দিনটোত প্ৰয়াত ফটো সাংবাদিক গৰাকীৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিবেশৰ। একমাত্ৰ পুত্ৰক অকালতে হেৰুৱাৰ বেদনা সহিব নোৱাৰি এতিয়া ৰোগাগ্ৰস্ত পিতৃ-মাতৃয়ে ৰহস্যজনক ঘটনাটোৰ সন্দৰ্ভত ন্যায় পোৱাৰ ক্ষণ গণিছে নিসহায়ভাৱে। উল্লেখ্য যে, যোৱা বছৰ আজিৰ দিনটোতে খাটোৱাল থানাৰ অন্তৰ্গত বৰভেটি নামৰ গাওঁখনৰ ৰাজপথত নিশা দুজন সমনীয়াসহ এক মটৰচাইকেল দুৰ্ঘটনাত পতিত হোৱাৰ ধনটি হীৰাৰ মৃতদেহ ঘটনাস্থলিত এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰিছিল পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে। ঘটনাটোৰ সন্দৰ্ভত খাটোৱাল আৰক্ষী থানাত ধনটিৰ পৰিয়ালৰ লোকে গোচৰ তৰিছিল যদিও আজিও মুকলি আকাশৰ তলত জামিনত মুক্তি লাভ কৰা দুই সমনীয়া অভিযুক্ত বাবুলি হীৰা আৰু বাঘ হীৰা। যাৰ বাবে এতিয়া খাটোৱাল আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে যথোপযুক্ত তদন্ত নকৰি দুই অভিযুক্তক ৰক্ষণাবেক্ষণ প্ৰদানৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ। ইফালে খাটোৱাল আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত গগৈৰ বিৰুদ্ধেও চুড়ান্ত ক্ষোভ ধনটিৰ পৰিয়ালৰ। যিহেতু ধনটি হীৰাৰ ৰহস্যজনক মৃত্যু স্বাভাৱিক দুৰ্ঘটনাৰ বিপৰীতে এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে দাবী কৰি আহিছে ফটো সাংবাদিক গৰাকীৰ পৰিয়ালে। এতিয়া আদালতৰ ওপৰতেই শেষ ভৰসা কৰি ন্যায় পোৱাৰ আশাত অপেক্ষাৰত প্ৰয়াত ফটো সাংবাদিক ধনটি হীৰাৰ দুৰ্ভগীয়া পৰিয়ালটো!
