কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ অংশগ্ৰহণ।

সৃষ্টিৰ মাজেৰে বিপ্লৱৰ আলোড়ন তোলা অসমৰ অন্যতম সাংস্কৃতিক কাণ্ডাৰী, বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ আজি মহাপ্ৰয়ান তিথিত নগাঁওৰ চামগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ে দিনযোৰা কাৰ্যসূচীৰে পালন কৰে ৷

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হয় ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে ৷

পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা মুকলি সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিদ্যালয়খনৰ তৰফৰ পৰা বিপুলভাৱে আদৰণি জনোৱা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই লোকসভা নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে চামগুৰিত তথা চামগুৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ভাষন প্ৰসংগত কয় যে,কাজিৰঙা লোকসভা সমষ্টিৰ ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰাৰ পিছত মই সাংসদ হিচাপে এই খন সভাতেই প্ৰথম উপস্থিত হৈছো ৷ৰাইজে মোক যিহেটো জয়যুক্ত কৰাইছে গতিকে এই সমষ্টিৰ প্ৰতিখন বিদ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে বুলি নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰাৰ লগতে বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে তত্বগধুৰ বক্তব্য প্ৰদান কৰাৰ লগতে কয় যে অসমৰ সাহিত্য আৰু সংস্কৃতি তথা সমাজ জীৱনলৈ ৰাভাদেৱৰ অতুলনীয় অৱদানক অসমবাসীয়ে সদায়ে শ্ৰদ্ধাৰে স্মৰণ কৰি থাকিব বুলি উল্লেখ কৰে ৷

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি তীৰ্থ দাস আৰু শিক্ষক ধ্ৰুৱজ্যোতি ভৰালী আৰু হিমামনি শৰ্মাই আঁতধৰা মুকলি সভা খনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত তত্ত্বগধূৰ ভাষন প্ৰদান কৰে ৷

বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি কলাগুৰু জনাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ মাজত চিত্ৰাংকন, কবিতা, আবৃত্তিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসে আদৰনী ভাষন প্ৰদান কৰা অনুষ্ঠানটোত যুৱ নেতা প্ৰাৰ্থপ্ৰতিম হাজৰিকা ,সমাজকৰ্মী বাবুল বৰা, মিন্টু শৰ্মাকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!