শেহতীয়াকৈ আমেৰিকাত কৰা কেইবাটাও অধ্যয়নত পোহৰলৈ আহিছে যে বহুতে লেক্ট’জ অসহিষ্ণুতাৰ বাবে গাখীৰ ক্ষতিকাৰক বুলি ভাবে। কিন্তু দুগ্ধজাত সামগ্ৰী যে আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, তাত কোনো সন্দেহ নাই। আমাৰ দৈনন্দিন জীৱনত চাহ এক অপৰিহাৰ্য পানীয় আৰু গাখীৰৰ চাহ খোৱাটো বহুতে পছন্দ কৰে।

কিন্তু গাখীৰৰ চাহ খোৱাটো ক্ষতিকাৰক। এই কথা নতুন নহয়। কিন্তু গাখীৰৰ চাহ খোৱাৰ অপকাৰ আমাৰ বহুতেই নাজানে।

উদাহৰণ স্বৰূপে:

পেট ফুলি উঠাৰ সমস্যা
গাখীৰৰ চাহত কেফেইন নামৰ উপাদান থাকে যাৰ ফলত পেট ফুলাৰ ৰোগ হয়। এই কাৰণেই গেছ আৰু এচিডিটিৰ সমস্যাত ভুগি থকাসকলৰ বাবে গাখীৰৰ চাহ খোৱাটো বাঞ্ছনীয় নহয়। বিশেষকৈ খালী পেটত নহয়।

চৰ্বি বৃদ্ধি কৰে
গাখীৰৰ চাহত অতিৰিক্ত চৰ্বিযুক্ত গাখীৰ যোগ কৰিলে শৰীৰত অতিৰিক্ত চৰ্বি বৃদ্ধিৰ সংকট আহি পৰে।লগতে মেদবহুলতাৰ সম্ভাৱনাই প্ৰায়ে হৃদৰোগ আৰু অন্যান্য জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। গতিকে গাখীৰৰ চাহ পৰিহাৰ কৰাটো ভাল।

কোষ্ঠকাঠিন্যৰ ভয়
আমাৰ দৈনন্দিন অভ্যাস কিছুমানৰ বাবে কোষ্ঠকাঠিন্য হোৱাৰ সম্ভাৱনা বেছি। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে নহ’লে গাখীৰৰ চাহত কেফেইন আৰু থিঅ’ফিলিন থাকে যিয়ে মল-মূত্ৰৰ গতি লেহেমীয়া কৰে। কোষ্ঠকাঠিন্য ৰোগীয়ে গাখীৰৰ চাহৰ পৰা আঁতৰি থাকিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!