🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
১ পুহ, বুধবাৰ , ইং ১৭ ডিচেম্বৰ ২০২৫
সূৰ্যোদয় ঘ :- ৬/৭/৪৩
সূৰ্যাস্ত ঘ :- ৪/৩০/১৫
ৰাশি : – তুলা ৰাশি। ঘ:- ১১/২১/১৫ যোৱাত বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা ত্ৰয়োদশী তিথি। ৰা:ঘ:- ২/২৭/১২ যোৱাত কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- বিশাখা , স:ঘ:- ৫/৫৯/৫ লৈ।
শুভ সংখ্যা :- ২/৫
শুভ ৰং :- বগা / সেউজীয়া।
আদ্যঋতু:- বেশ্যা যোগ ।
মৰণৰ দোষ : – দ্বিপদ, আ:ঘ:- ৫/৫৯/৫ নাই, ৰা:ঘ:- ২/২৭/১২ যোৱাত যোৱাত এপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। ৰা:ঘ:- ২/২৭/১২ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত। ৰা:ঘ:- ২/২৭/১২ যোৱাত পশ্চিম দিশত।
ভক্ষ্যাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। ৰা:ঘ:- ২/২৭/১২ যোৱাত মাছ মাংস খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, মনত নতুন আশাৰ সঞ্চাৰ হ’ব, লগতে আজি আপোনাৰ দ্বাৰা ভাতৃ ভগ্নীৰ উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত উন্নতি হ’ব, ভাল খৱৰ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি কৰ্মত আনন্দ লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিনটো শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে সম্পদ হানি হ’ব পাৰে, লগতে আজি আপুনি কৰ্মত সজাগ নহ’লে আনে আপোনাক বেয়া ব্যৱহাৰ কৰাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, হাতলৈ ধন- সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ব্যৱসায় বাণিজ্যত উন্নতি সাধন হব লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনতো সামান্য উদ্বিগ্ন হ’ব যদিও আজি ছাত্ৰ ছাত্ৰী সকলে বিদ্যাত সফলতা লাভ কৰিব লগতে আজি সংগীত শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, আনন্দ মনে দিনটো পাৰ হব যদিও আজি আপোনাৰ দেহ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, শত্ৰু নাশ হব, যদিও আজি আপুনি সজাগ নহ’লে ঠগ- প্ৰৱঞ্চকৰ প্ৰৱঞ্চনাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, খৰছৰ ক্ষেত্ৰত সজাগ হ’ব, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
ড° নয়নজ্যোতি দেৱ শৰ্মা,
জ্যোতিষৰত্ন
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা-কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205
