গহপুৰ অঞ্চলত অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ ময়মতালিত স্থানীয় ৰাইজ অতিশয় অতিষ্ঠ হৈ পৰিছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাইজে স্মাৰ্ট মিটাৰ সংস্থাপন কৰি মাহিলী ৰিচাৰ্জৰ জৰিয়তে নিয়মিতভাৱে বিদ্যুৎ বিল পৰিশোধ কৰি আহিছে যদিও তাৰ পিছতো ৰাতিপুৱাৰ পৰা দীৰ্ঘসময় ধৰি বিদ্যুৎ যোগান বন্ধ থকাৰ অভিযোগ উঠিছে। বিশেষকৈ ককিলা চাৰিআলিকে ধৰি কেইবাখনো গাঁৱৰ ছাত্ৰ-ছাত্ৰী তথা গ্ৰাহকে হৈছে এই বিভাগৰ চৰম প্ৰতাৰণাৰ বলি।
স্থানীয় ৰাইজে কয় যে স্মাৰ্ট মিটাৰ ব্যৱস্থাই সুবিধা দিব বুলি আশা কৰা হৈছিল, কিন্তু বাস্তৱত বিদ্যুৎ বিভাগৰ এই ব্যৱস্থাপনায় গ্ৰাহকক প্ৰবঞ্চনাৰ বলি কৰিছে। নিয়মিত ৰিচাৰ্জ কৰাৰ পিছতো বিদ্যুৎ নাথাকাত দৈনন্দিন জীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়ন, ব্যৱসায়ীসকলৰ ব্যৱসায় আৰু গৃহস্থালীৰ স্বাভাৱিক কাম-কাজত ব্যাপক প্ৰভাৱ পৰিছে।
ৰাইজৰ অভিযোগ অনুসাৰে বিদ্যুৎ বিচ্ছিন্নতাৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগে কোনো আগতীয়া জাননী নিদিয়ে আৰু সমস্যাৰ সমাধানতো উদাসীন ভূমিকা লয়। বহু সময় অভিযোগ দাখিল কৰাৰ পাছতো বিদ্যুৎ যোগান স্বাভাৱিক নোহোৱাত ৰাইজৰ ক্ষোভ অধিক বৃদ্ধি পাইছে।
এই সন্দৰ্ভত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক কঠোৰ ভাষাৰে গৰিহণা দি শীঘ্ৰে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে। লগতে স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ সঠিক ব্যৱস্থাপনা আৰু নিয়মিত, নিৰবিচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰাৰো দাবী উত্থাপন কৰিছে।
