🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
২ পুহ, বৃহস্পতি বাৰ , ইং ১৮ ডিচেম্বৰ ২০২৫
সূৰ্যোদয় ঘ :- ৬/৮/২১
সূৰ্যাস্ত ঘ :- ৪/৩০/২০
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্দশী তিথি। ৰা:ঘ:- ৪/৩৬/৫২ যোৱাত অমাৱসা তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :-‌‌ অনুৰাধা , ৰা:ঘ:- ৮/৩৬/৫৫ লৈ।
শুভ সংখ্যা :- ৩/৯
শুভ ৰং :- হালধীয়া/ ৰঙা ।
আদ্যঋতু:- পতিহীনা যোগ ।
মৰণৰ দোষ : – এপদ, ৰা:ঘ:- ৪/৩৬/৫২ যোৱাত নাই।
যাত্ৰা :- পশ্চিম দিশত নাই। ৰা:ঘ:- ৪/৩৬/৫২ যোৱাত ঈশান কোনত নাই।
যোগিনী :- পশ্চিম দিশত। ৰা:ঘ:- ৪/৩৬/৫২ যোৱাত ঈশান কোনত।
ভক্ষ্যাভক্ষ্য :- মাটিমাহ , মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সংগীত শিল্পী আছে তেওঁলোকৰ আজি দিনটোত গীত মাতত ব্যস্ততা বাঢ়িব যদিও আজি আন আন ব্যক্তি সকলে সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, মনত সামান্য উদ্বেগ বা ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে ভ্ৰমণত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হব, ছাত্ৰ ছাত্ৰী সকলৰ ব্যস্ততা বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য আৱেগিক হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে আজি আপুনি দুৰ্ঘটনা বা যান বাহন পৰা সাৱধান হোৱাটো ভাল হ’ব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ ক্ষতিৰ সন্মূখীন হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, সন্মান লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে লগ বন্ধুৰ লগত সামান্য মনোমালিন্য হ’ব পৰে লগতে আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, সামাজিক কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা ধন- সম্পত্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাৰ সন্মান হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, আদৰ্শবাদী মনোভাৱ প্ৰকাশ পাৱ, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন প্ৰেমত আনন্দ বাঢ়িব, ভাল খৱৰ লাভ কৰিব, লগতে আজি আপুনি সকলো কৰ্মতে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ঋণ পৰিশোধ কৰিবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ’লে শত্ৰু ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ’ব, শত্ৰু নাশ হব, লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ হোৱাৰ যোগ দেখা যায়।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা,

-: নৱগ্ৰহ জ্যোতিষালয় :- ” কামাখ্যা মন্দিৰ গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!