ধর্ষণৰ অভিযোগ আছে ধৃত লম্পটোৰ বিৰুদ্ধে, অভিযুক্তক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ
ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি । লগতে বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । অপৰাধীৰ লক্ষ্য হৈ পৰিছে নেকি ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্টম সমূহ । এচাম সম্ভ্ৰান্ত পৰিয়ালৰ যুৱকে মটৰ চাইকেল, বিলাসী বাহন আৰু সাধাৰণ জীৱন-যাপনক আন এফালে ফালৰি কাটি নি ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্টম সমূহত নানা ধৰণৰ ছ’চিয়েল এ’পৰ জড়িয়তে কৌতুকপূৰ্ণ মনোৰঞ্জনতা আৰু বিপদাপন্ন ভাল লগা ভিডিঅ’ প্ৰস্তুত কৰি যুৱতী, মহিলা তথা কিশোৰী সমূহৰ মন জয় কৰি লোৱা পৰিলক্ষিত হয় । থিক তাৰ পাছত লক্ষ্য হৈ পৰে কিশোৰীৰ সৈতে প্ৰেম নতুবা যৌনতা বেহা । অসৎ উদ্দেশ্যেৰে এনে এচাম ধুৰন্ধৰ যুৱকৰ বলি হয় কিশোৰী সমূহ । এনে এক অভিযোগ আৰু প্ৰাপ্ত তথ্য অনুসৰি চৰাইদেউ জিলা মথুৰাপুৰ আৰক্ষীৰ জালত পৰে এটা অপৰাধী । ধৃত অপৰাধীটোৰ ঘৰ শিৱসাগৰ জিলা হাতীখোঁকত, অভিযুক্তটোৰ নাম নিয়াজ আহমেদ (২৪) । নিয়াজ আহমেদৰ বিৰুদ্ধে মথুৰাপুৰ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰে । Mathurapur PS Case No-06/2026, U/S-64(1) BNS R/W Sec 4/15(2)(3)of POCSO Act R/W Sec 67(A)/67B(a)(b)(e) of IT Act.ত গোচৰ পঞ্জীয়ন হয় । আৰক্ষীয় থানাত পঞ্জীয়ন হোৱা গোচৰটোত ধর্ষণ, শিশু ওপৰত যৌন অপৰাধ আৰু অনলাইন অশ্লীল প্ৰচাৰ আদি অভিযোগ আছে । ইতিমধ্যে আৰক্ষীয়ে অপৰাধীটোক চৰাইদেউ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা বুলি জানিব পৰা গৈছে । আদালতে ধর্ষণৰ অভিযোগৰ লম্পটোক ২ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তৰ পৰা তথ্য সংগ্ৰহৰ বাবে আৰু অধিক জেৰা অব্যাহত ৰাখিছে ।
Rep. Farhan Laskar, Sivasagar.
