ৰোড’শ্বত জন সমুদ্ৰ দেখি চিন্তিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ
ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি আবেলি ৰঙিয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ৰঙিয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত এখন বিশাল সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰে। হেজাৰ হেজাৰ ৰাইজৰ সন্মুখত ভাষণ প্ৰদান কৰি ভৱেশ কলিতাক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় এক বৃহৎ ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰঙিয়াৰ সোমাজে আৰম্ভ কৰা ৰেলীত এক প্ৰকাৰ জন সমুদ্ৰত পৰিণত হয়। হেজাৰ হেজাৰ বিজেপিৰ সমৰ্থকৰ মাজেৰে মুখ্যমন্ত্ৰী গৰাকীৰ লগতে প্ৰাৰ্থী ভৱেশ কলিতাই আগবাঢ়ি যোৱাৰ সময়ত উপস্থিত ৰাইজে পুষ্পবৃষ্টিৰে শুভেচ্ছা প্ৰদান কৰা দৃশ্যই সকলোকে আপ্লুত কৰি তোলে। হেজাৰ হেজাৰ জনতাই জন সমুদ্ৰত পৰিণত হোৱা ৰোডশ্বৰ দৃশ্যই কংগ্ৰেছ দলৰ সমৰ্থক সকলৰ লগতে দলটোৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীক চিন্তিত কৰি তুলিছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে সংখ্যালঘু অঞ্চলৰ কেইখনমান গাঁৱত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখাল সময়তে উক্ত সংখ্যালঘু অঞ্চলৰ খিলঞ্জীয়া মুছলমান লোকসকলে আজি ভৱেশ কলিতাৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভাত উপস্থিত থকাৰ উপৰিও মুখ্যমন্ত্ৰী ৰোডশ্বত অংশগ্ৰহণ কৰা খবৰটোয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ হিচাপে নিকাচত খেলিমেলিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ৰোডশ্বৰ পুৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰৰে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত হৈ ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ হৈ বিশাল জন সভাত ভাষণ ৰাখি অসম চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে । ভাষণ ৰখাৰ পুৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে হনুমান গদা, ধনু কাঁড় আৰু কাহৰ তাল হাতত লৈ উৎফুল্লিত হৈ ৰঙিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৰাকী বিজয়ী হোৱাটো নিশ্চিত যে তাৰ আগতিয়া বাৰ্তা প্ৰদান কৰে । ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এইবাৰ বিজেপি চৰকাৰ হ’লে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলক চাউল, চেনী, নিমখ আৰু দাইলৰ লগতে অতিৰিক্ত ভাৱে এক লিটাৰ মিঠাতেল দিয়া হ’ব । আন হাতে মহিলা সকলক ২৫ হেজৰকৈ অনুদান আগবঢ়োৱা হ’ব বুলি কয়। ইয়াৰ উপৰিও দুই লাখ ল’ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ভৱেশ কলিতাক বিপুল ভোটত জয়ী কৰাবলৈ ৰঙিয়া বাসীক আহ্বান জনায় প্ৰায় ৫০ হেজাৰ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী গৰাকী জয়ী হ’ব বুলি উল্লেখ কৰে। জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা ৰোড শ্ব ৰঙিয়া ছোছাইটিৰ চকত সামৰণি পৰে।
